Local, Vocal, Global

Road Accident In Bihpuria : বিহপুৰীয়াত অচিনাক্ত বাহনৰ খুন্দাত নিহত এজন

নিউজ ডেস্ক,৭অক্টোবৰ : বিহপুৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে নিশা বিহপুৰীয়াত অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজনৰ।

নিহত লোকজনৰ নাম দুগ্ধ বৰা বুলি চিনাক্ত কৰা হৈছে। যুৱকজনৰ ঘৰ বিহপুৰীয়াৰ কাছিকটাত(Road Accident In Bihpuria)।

জানিব পৰা মতে, এটা বিস্কুট ফেক্টৰিত কৰ্মৰত আছিল দুগ্ধ বৰা । দেওবাৰে নিশা যুৱকজনে কৰ্ম সামৰি দুচকীয়া বাহনেৰে ঘৰলৈ ওভতাৰ সময়তে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো।

ৰাইজৰ সন্দেহ নিশা দ্ৰুতবেগী গুৱাহাটী অভিমুখী কোনো বাহনে যুৱকজনক মহতিয়াই যায়। সম্প্ৰতি এই ঘটনা সম্পৰ্কত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Road Accident In Chandrapur: স্কুটাৰ আৰু ছুইফটৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন,আহত এজন