Local, Vocal, Global

Road Accident in Bihpuria : নিয়ন্ত্ৰণ হেৰুৱাই দিহিৰি নদীৰ দলঙৰ তলত পৰিল বাইক আৰোহী

নিউজ ডেস্ক, ২৮ নৱেম্বৰ : এক মৰ্মান্তিক দুৰ্ঘটনা । দলঙৰ তলত পৰিল দুজনকৈ বাইক আৰোহী । থিতাতে নিহত এজন লগতে গুৰুতৰভাৱে আহত আন এজন(Road Accident) ।

বিহপুৰীয়াত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা ৷ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ মাজতে নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৰ চুনজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই দিহিৰি নদীৰ দলঙৰ তলত পৰিল দুজনকৈ বাইক আৰোহী । থিতাতে নিহত এজন আৰু গুৰুতৰভাৱে আহত আনজন লোক(Road Accident in Bihpuria) ।

উল্লেখ্য যে , দুৰ্ঘটনাত থিতাতে নিহত যুৱকজনক ৰামপুৰৰ অজিত বৰা বুলি চিনাক্ত কৰা হৈছে । লগতে গুৰুতৰভাৱে আহত যুৱকজন শিমলুগুৰিৰ 1 নং ৰামপুৰৰ মঞ্জিল বৰা বুলি চিনাক্ত কৰা হৈছে ।

জানিব পৰা মতে, প্ৰতঃ ভ্ৰমণলৈ যোৱাৰ সময়তে পথচাৰীয়ে প্ৰত্যক্ষ কৰে মৃতদেহটো আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে । ঘটনা খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আহতজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ ধলপুৰ গ্ৰাম্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

ৰাস চাই ওভতি অহাৰ পথতে এই দুৰ্ঘটনা হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :Road Accident in Narayanpur : ৰাস চাবলৈ গৈ ওভতি নাহিল এজন যুৱক