Local, Vocal, Global

Road Accident in Bihali : তীব্ৰবেগী বাহনে মহতিয়াই নিলে চাইকেল আৰোহীক;নিহত চাইকেল আৰোহীজন

নিউজ ডেস্ক,৩০জুন : দেওবাৰে বিহালীৰ বৰগাঙত এক ভয়ংকৰ পথ দুৰ্ঘটনা । বৰগাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শুকান সুঁতি দলঙৰ সমীপত AS 07 S 6090 নম্বৰৰ এখন বাহনে মহতিয়াই নিলে এজন চাইকেল আৰোহীক। ফলত গুৰুতৰভাৱে আহত হয় চাইকেল আৰোহীজন(Road Accident in Bihali)।

উল্লেখযোগ্য যে আহত আৰোহীগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে চিকিৎসকে মৃত ঘোষণা কৰে । মৃত লোকজন বিহালীৰে গাংমৌথানৰ চিত্তৰঞ্জন চৰকাৰ বুলি চিনাক্ত কৰা হৈছে। বৰগাঙ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : Bailey Bridge collapsed : ভাঙি পৰিল ‘বেইলী’ দলং ; সন্ধানহীন চালকসহ দুজনকৈ লোক