Local, Vocal, Global

Road Accident in Batadrava : তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিয়ে পথচাৰীক;থিতাতে নিহত এজন

নিউজ ডেস্ক,২অক্টোবৰ : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে (Sensational Incident)।

ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(Road Accident in Batadrava)।

পুনৰ ৰাজ্যত ডাম্পাৰৰ দৌৰাত্ম্য । তীব্ৰবেগী ডাম্পাৰ খুন্দাত নিহত পথচাৰীৰ ।

বটদ্ৰৱাৰ লালুংগাঁৱত তীব্রবেগী ড্ৰাম্পাৰৰ দৌৰাত্ম্য।মঙলবাৰে নিশা ডাম্পাৰে মহটিয়াই নিয়ে পথচাৰীক। ফলত থিতাতে নিহত হয় এজন। নিহত লোকজন লালুংগাঁৱৰ চুলতান আলী বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, নিহত লোকজন পথৰ কাষত বহি আহাৰ গ্ৰহণ কৰি আছিল । সেই সময়তে তীব্ৰবেগী ডাম্পাৰে লোকজনক মহতিয়াই নিয়ে ।

দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰখনে ।মৃত লোকজন মানসিকভাৱে অসুস্থ আছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Gandhi Jayanti 2024 : আজি মহামানৱ মহাত্মা গান্ধীৰ ১৫৫সংখ্যক জয়ন্তী