Local, Vocal, Global

Road Accident in Barpeta:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল পিতা-পুত্ৰৰ

নিউজ ডেস্ক,৫নৱেম্বৰ : বৰপেটাৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা।সোমবাৰে এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি যায় বৰপেটা।

বৰপেটাৰোড শিমলাগুৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত একে দিশেৰে গৈ থকা এখন তেলৰ টেংকাৰৰ খুন্দা মাৰে মটৰ চাইকেলে। ফলত থিতাতে মৃত্যু হয় দুই পিতা-পুত্ৰৰ।

খবৰ অনুসৰি,সোমবাৰে সন্ধিয়া বৰপেটাৰোডৰ পৰা হাউলীৰ দিশলৈ গৈ থকা AS15S9071 নম্বৰৰ মটৰ চাইকেলখনক UP70FT7506 নম্বৰৰ তেলৰ টেংকাৰখনে মহটিয়াই লৈ যায়। ফলত থিতাতে নিহত হয় পিতা-পুত্ৰ । নিহত পিতা -পুত্ৰ বাক্সাৰ আনন্দ বজাৰ হাটখোলাৰ পিতা-পুত্ৰ কৈলাশ মেধি আৰু ৰাজেশ মেধিৰ বুলি জানিব পৰা গৈছে।পিতৃ কৈলাশ মেধি আছিল আনন্দ বজাৰ ডাকঘৰৰ পোষ্টমাষ্টাৰ(Road Accident in Barpeta)।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত শিমলাগুৰী আৰক্ষী পহৰা চকীৰ আৰক্ষীৰ দল উপস্থিতি হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

লগতে পঢ়ক :Khanapara Road Accident CCTV Footage :খানাপাৰাৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ শিহৰণকাৰী CCTV ভিডিঅ