Local, Vocal, Global

Road Accident in Barpeta: দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন,আহত ৩জন

নিউজ ডেস্ক,২৯অক্টোবৰ : বৰপেটা জিলাৰ নিজ চেঙাত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দুই বাইকৰ মুখামুখি সংঘৰ্ষ।সংঘৰ্ষত থিতাতে নিহত এজন। গুৰুতৰভাবে আহত ৩জন।

নিহত লোকজন তাৰাবাৰী থানাৰ অন্তৰ্গত খংৰা গাঁৱৰ হামিদুল ইছলাম বুলি জানিব পৰা গৈছে(Road Accident in Barpeta)।

জানিব পৰা মতে, ‘এ এছ ১৫ ইউ ৩৩৫৩’ নম্বৰৰ বাইকৰে বৰপেটাৰ চেঙা অভিমুখে আহি থকা অৱস্থাত নিজ চেঙাত এ এছ ০১ এফ এইছ ২৩৩৮ নম্বৰৰ বাইক খনৰ লগত মুখামুখি সংঘৰ্ষ হৈ দুৰ্ঘটনাটো সংঘটিত হৈছে। এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু ঘটনা সনৰ্ভত তদন্ত আৰম্ভ কৰে।

লগতে পঢ়ক :Fireworks accident : ফটকা গুদামত ভয়ংকৰ বিস্ফোৰণ;আহত ১৫৪গৰাকীকৈ লোক