Local, Vocal, Global

Road Accident in Barpeta : বৰপেটাৰোডত নিশা ডাম্পাৰৰ দৌৰাত্ম্য;তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে স্কুটি আৰোহীক

বৰপেটা,২১মে’ : বৰপেটাৰোডত নিশা ডাম্পাৰৰ দৌৰাত্ম্য । তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে স্কুটি আৰোহীক।

একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে(Road Accident in Barpeta) ।

ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে ।

বৰপেটাৰোডত ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ স্থানীয় ৰাইজ । বৰপেটাৰোডৰ কলহভাঙ্গাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰায় ১১মান বজাত ভয়ংকৰ পথ দুৰ্ঘটনা । বৰপেটাৰোডত তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে স্কুটি আৰোহীক।ফলত গুৰুতৰভাৱে আহত হয় আঞ্চলিক বন বিভাগৰ এজন কৰ্মচাৰী ।আহত হোৱা বন বিভাগৰ কৰ্মচাৰী জনৰ নাম বিষ্ণ ৰাম মণ্ডল বুলি জানিব পৰা গৈছে ।

স্থানীয় লোকে জানিব দিয়া অনুসৰি, AS-28 C-8625 নম্বৰ ডাম্পাৰ খন ভুল দিশেৰে গৈ থকাৰ ফলত এই দুৰ্ঘটনা হৈছে ।ডাম্পাৰ খন বালি কঢ়িয়াই লৈ গৈ আছিল।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা লগে লগে পলাই যাবলৈ সক্ষম হয় ডাম্পাৰ চলক আৰু হেণ্ডিমেন।

লগতে পঢ়ক : 19 dead, four injured after pickup vehicle overturns in Kawardha : ১৯জনলৈ বৃদ্ধি ছত্তিশগড়ত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাৰ মৃতকৰ সংখ্যা