Local, Vocal, Global

Road Accident : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য ;তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে বাইক সহ যুৱকক

বৰপেটা, ৩ জানুৱাৰী : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে।

ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক । ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(Road Accident in Barpeta) ।

বৰপেটাত যমদূত ৰূপত ডাম্পাৰ । ডাম্পাৰৰ দৌৰাত্মক লৈ আতংকিত অঞ্চলবাসী ।মঙলবাৰে নিশা বৰপেটাৰোডৰ শিমলাগুৰী ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে বাইক সহ যুৱকক । সংকট জনক অৱস্থাত স্থানীয় ৰাইজে ততাতৈয়াকৈ বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে আহত যুৱকজনক । দুৰ্ঘটনা গুৰুতৰ ভাৱে আহত যুৱক জনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই ।

দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নম্বৰ AS-26 C-5185 বুলি চিনাক্ত কৰা হৈছে যদিও দুৰ্ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰ খনৰ ড্ৰাইভাজনে ঘটনাস্থলীৰ পলায়ন কৰে। দুৰ্ঘটনাত পতিত হোৱা য়ামাহা বাইক খনৰ নম্বৰ হল AS15 U 7155 ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে বৰপেটাৰোডৰ শিমলাগুৰী ৩১নং ৰাষ্ট্ৰীয় ঘাই পথতেই এগৰাকী মহিলা ডাম্পাৰৰ খুন্দাত মৃত্যু হৈছিল।

প্ৰায়ে ডাম্পাৰে এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত কৰি আহিছে যদিও প্ৰশাসনৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আৰক্ষীয়ে অকল হেলমেট আৰু মুখত পাইপ সোমোৱাতেই ব্যস্ত কিন্তু ৰাজপথৰ ঘাটকৰূপী ডাম্পাৰৰ দৌৰাত্মক নাকী লগোৱাৰ ক্ষেত্ৰত ব্যৰ্থ প্ৰশাসন।

লগতে পঢ়ক : Journalist Among Several Killed in Tragic Road Accidents : এক মৰ্মান্তিক দুৰ্ঘটনা ; শিল ভৰ্তি ডাম্পাৰে প্ৰাণ কাঢ়িলে সংবাদকৰ্মীৰ