Bus Accident : শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ১জন আহত কেইবাগৰাকী শিক্ষাৰ্থী
নিউজ ডেস্ক, ২৬ ডিচেম্বৰ : শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত । নিহত এজন, আহত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী, অভিভাৱক(Bus Accident) ।
এক শোকাবহ দুৰ্ঘটনা । বৰপেটা কলগাছিয়াৰ চৰিয়তপুৰত ২ নং বিকল্প ৰাজ্যিক ঘাইপথত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো ।
উল্লেখ্য যে,মঙলবাৰে শিক্ষামূলক ভ্ৰমণত যোৱা বাছ আৰু চাৰিচকীয়া বাহনৰ মাজত মাজত মুখামুখি সংঘৰ্ষ হয় । সংঘৰ্ষত গুৰুত্বৰভাৱে আহত প্ৰায় ১৫জনৰো অধিক লোক । এই দুৰ্ঘটনাত চাৰিচকীয়া বাহনৰ চালকজনৰ মৃত্যু হয় (Road Accident in Barpeta)।
জানিব পৰা মতে শিক্ষামূলক ভ্ৰমণৰ বাবে যোৱা AS 01 GC8484 নম্বৰৰ বাছ গাড়ীখন পাঠশালাৰ ধুমাৰপাথাৰৰ নবোদয় জাতীয় বিদ্যালয়ৰ পৰা বঙাইগাঁও জিলাৰ কয়াকুঁজীয়ালৈ শিক্ষামূলক ভ্ৰমণত গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা AS01 BK5533 নম্বৰৰ টাটা ইণ্ডিগো চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। উক্ত দুৰ্ঘটনাত সত্ৰকনৰা গাওঁৰ নুৰ মহম্মদ নামৰ চাৰিচকীয়া বাহনৰ চালক জনৰ মৃত্যু হোৱাৰ লগতে চাৰিজনকৈ লোক গুৰুত্বৰ ভাবে আহত হোৱাৰ উপৰি বাছত থকা প্ৰায় ১৫ জনকৈ ছাত্ৰ-ছাত্ৰী আহত হয়((Road Accident in Barpeta))।
পাঠাছাৰকুছি আৰক্ষী থানাৰ অন্তৰ্গত ধুমাৰপাথাৰৰ বিদ্যালয়খনৰ সঞ্চালক জয়নাল আব্দিনে জানিবলৈ দিয়া মতে, বাছখনত ৭০ জন ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক,শিক্ষক-শিক্ষয়ত্ৰী আছিল ।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজৰ তৎপৰতাত চাৰিচকীয়া বাহনত থকা চাৰিজন লোকৰ লগতে বাছ খনত থকা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক শিক্ষক-শিক্ষয়ত্ৰী সকলক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি কলগাছিয়াত অৱস্থিত বৰপেটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও প্ৰাথমিক চিকিৎসা সম্পন্ন কৰি উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়(one killed, several injured in Bus Accident)।
লগতে পঢ়ক : Veer Lachit Sena Leader Attacked in Jorhat : পুনৰ অপৰাধজনিত ঘটনাই কপাঁই গৈছে যোৰহাট চহৰ