Local, Vocal, Global

Road Accident : দুৰ্গা পূজাৰ আনন্দ উল্লাহৰ মাজতে বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা

সৰ্থেবাৰী , ২২অক্টোবৰ : ৰাজ্যজুৰি পালন কৰা হৈছে দুৰ্গা পূজা । দুৰ্গা পূজাৰ আনন্দ উল্লাহৰ মাজতে ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । তাৰ মাজতে শনিবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ।

উল্লেখ্য যে,শনিবাৰে বৰপেটাৰ গৰেমাৰীত সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাটো ।শনিবাৰে নিশা প্ৰায় ৯ বজাত এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে মহটিয়াই নিয়ে দুজনকৈ লোকক ।

জানিব পৰা মতে, পথৰ কাষেৰে খোজ কাঢ়ি গৈ থকাৰ অৱস্থাতে তীব্ৰ বেগী এখন চাৰিচকীয়া বাহনে খুন্দিয়াই যায় । এই ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত এজনলোক নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয় । আহতলোকজন বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে((Road Accident) ।

দুৰ্ঘটনাটোত নিহত লোকজন আলভেজ আলী (৬০) নাম আৰু আহত লোকজন ৰছুল আলী (৫৪) বুলি চিনাক্ত কৰা হৈছে । দুয়োজনৰে ঘৰ মাজদিয়াত।

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিয়েই চাৰিচকীয়া বাহনখন পলাই যাবলৈ সক্ষম হয়।

ইফালে পথ দুৰ্ঘটনাটোত আহত লোক দুজনক অতি সংকটজনক অৱস্থাত স্থানীয় ৰাইজৰ সহযোগত ততাতৈয়াকৈ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে আলভেজ আলী নামৰ লোকজনৰ চিকিৎসালয়তে মৃত্যু হোৱা বুলি অভিযোগ তুলিছে মৃত লোকজনৰ পৰিয়ালৰ লোকে। চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিশাৰ কৰ্তব্যত থকা চিকিৎসক ৰাণা দাসে চিকিৎসা প্ৰদানৰ সলনি মোবাইল চাই থকা বুলি অভিযোগ তুলিছে পৰিয়ালৰ লোকে(Road Accident in Barpeta )।

লগতে পঢ়ক : Badruddin Ajmal Controversial Comment on Muslim : মুছলমানক কটাক্ষ বদৰুদ্দিন আজমলৰ; কিন্তু কিয় ?