Road accident in Amingaon : আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত এজন,আহত ৮জন
গুৱাহাটী, ৬জুলাই : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে।
ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক । ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসন।
এইবাৰ আমিনগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Amingaon)। মালবাহী মেজিক ভানৰ লগত মুখামুখী সংঘর্ষ ডাম্পাৰৰ।
গুৱাহাটী অভিমুখী গৈ থকা এখন মালবাহী মেজিক ভানৰ লগত হাজো অভিমুখে গৈ থকা এখন ডাম্পাৰৰ মুখামুখি সংঘর্ষ হয় ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো(Road accident)।
জানিব পৰা মতে, এই শোকাৱহ দুৰ্ঘটনাটো নিহত এজন নিহত হোৱাৰ লগতে আহত হয় ৮জনকৈ লোক।নিহত লোকজনক ৰাজীৱ তালুকদাৰ বুলি চিনাক্ত কৰা হৈছে।আনহাতে আহত সকল ক্ৰমে হাবিল আলী, ৰবিন দাস, মান্নাল আলী, ধীৰেন দাস বুলি জানিব পৰা গৈছে। ইয়াৰে আঘাতপ্রাপ্ত চাৰিজন লোকৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই।
প্ৰাপ্ত তথ্য অনুসৰি, আহতসকলৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে দুজনক তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে আন দুজনক নাৰায়ণা হাস্পতালত আৰু বাকী সকলক জিএমচি এইছ লৈ প্ৰেৰণ কৰা হয়। আনহাতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচতে ডাম্পাৰখনৰ চালকজনে পলায়ন কৰে ।
লগতে পঢ়ক : Maxico bus accident : ভয়ংকৰ পথ দুৰ্ঘটনা ,নিহত ২৯ জন