Road Accident Claims Life of Two Youths : ওদালগুৰিৰ মাজবাটৰ ওৰাং-ৰূপা পথত ভয়ংকৰ দুৰ্ঘটনা
![](https://mynewsne.com/wp-content/uploads/2024/01/noname-86-750x430.jpg)
নিউজ ডেস্ক, ৯ জানুৱাৰী : এক শোকাৱহ দুৰ্ঘটনা । থিতাতে নিহত দুজনকৈ লোক(Road Accident Claims Life of Two Youths) ।
মাজবাটৰ ওৰাং ৰূপা পথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। মাজবাট থানাৰ বাহিপুখুৰী চাহ বাগিচাৰ ১২ নং লাইনৰ কাষত ওৰাং ৰূপা পথত সোমবাৰে নিশা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ।
উল্লেখ্য যে, সোমবাৰে নিশা বাইকেৰে লামাবাৰী দিশৰ পৰা মাজবাট অভিমুখে আহি আছিল দুই যুৱক। সেই সময়তে বাইকখনে নিয়ন্ত্রণ হেৰুৱাই চাহ বাগিচাৰ ফেনচিঙৰ খুঁটাত খুন্দা মাৰে। ফলত থিতাতে নিহত হয় দুয়োজন যুৱক(Two Youth Killed in Road Accident In Udalguri)।
নিহত যুৱক দুজন ক্ৰমে মাজবাট থানাৰ অন্তৰ্গত বাহিপুখুৰী চাহ বাগিচাৰ গনেশ পাইক (২১) আৰু মাজবাট ৰে’লৱে কলনিৰ চাহিল নাগ (১৯) বুলি জানিব পৰা গৈছে।
এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় মাজবাট আৰক্ষী । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃত্যু দেহ দুটা উদ্ধাৰ কৰি মৰণোৰত্তৰ পৰীক্ষাৰ মঙলবাৰে পুৱা ১০ বজাত ওদালগুৰিৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
লগতে পঢ়ক : Man Died After Being Attacked By Bees : চাঞ্চল্যকৰ ঘটনা;মৌ-মাখিৰ আক্ৰমণত মৃত্যু এজনৰ