WATCH | Road Accident : চাৰিচকীয়া বাহন আৰু টেম্পুৰ মাজত সংঘৰ্ষ
চাপৰ,২২জুন : চাপৰৰ শালকোচা বাংলাত ভয়ংকৰ পথ দুৰ্ঘটনা।
১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।
চাৰিচকীয়া বাহন আৰু টেম্পুৰ মাজত সংঘৰ্ষ।
ফলত গুৰুতৰভাৱে আহত শিশুসহ ১০ গৰাকীকৈ টেম্পুৰ যাত্ৰী।
ইয়াৰে কেইবাজন শিশুৰ কিছুমানৰ মূৰত আঘাত হোৱাৰ লগতে কিছুমান শিশুৰ ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়(Road Accident)।
দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহন খনৰ নম্বৰ – AS 17 H 6660 আৰু টেম্পুখনৰ নম্বৰ – AS 17 C 2538 বুলি জানিব পৰা গৈছে।
ৰাইজে তাৎক্ষণিকভাৱে আটাইকে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰে।
আঘাতপ্ৰাপ্ত যাত্ৰী কেইজন হ’ল ইয়াহিয়া (১০ মাহ),ৰবিউল ইছলাম (৮), আশ্ৰাফুল ইছলাম (১০),হাছানুৰ ইছলাম (১১),হাছিনা বিবি,ফজৰ আলী,ছায়না খাতুন,সহিদা খাতুন,ছামিৰণ নেছা,ৰফিকা খাতুন বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক :WATCH | Jamugurihat News : জামুগুৰিহাটৰ ধলাইবিল চেন্টাৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত চাফাই অভিযান