Local, Vocal, Global

WATCH | Road Accident : পুৱতি নিশা দুখন বাছৰ মাজত সংঘৰ্ষ; আহত ৩৫ গৰাকীকৈ লোক

বিশ্বনাথ,১২জুন : বিশ্বনাথৰ প্ৰতাপগড় চাহবাগিছাৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।

পুৱা প্ৰায় ৪ বজাত দুখন বাছৰ সংঘৰ্ষ হয়। এ এছ১৫ চি৭১৩১ নম্বৰৰ এখন ভৌমিক নামৰ নৈশ বাছৰ পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে এ এছ ০১ এইচ চি ৭৭৭৭ নম্বৰৰ এখন প্ৰাঞ্জিত বাছে(Road Accident)।

দুৰ্ঘটনাত আহত ৩৫ জনকৈ লোক। ইয়াৰে ধীৰেণ বিশ্বাস আৰু প্ৰাঞ্জিতৰ হেণ্ডিমেন হৰি হাজৰিকাক সংকট জনক অৱস্থাত তেজপুৰলৈ প্ৰেৰণ কৰা হয়। বাকী আহত সকল বিশ্বনাথ জিলা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।

লগতে পঢ়ক : WATCH | Nagaon News : নগাঁও জিলা মতিৰাম বৰা ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচী