Local, Vocal, Global

WATCH | Road Accident : যাত্ৰীবাহী টাটা মেজিকক আল্ট্ৰা বাহনে খুন্দা,আহত যাত্ৰী

চাপৰ,৫জুন : চাপৰৰ মৌৱাটাৰীস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে অহা এখন যাত্ৰীবাহী টাটা মেজিকক আল্ট্ৰা বাহনে খুন্দিয়াই পলায়ন কৰে।

দুৰ্ঘটনাৰ ফলত টাটা মেজিকৰ চালক জনৰ এখন হাত চিঙি যায়।

গাড়ীখনত থকা বাকী ৮ জন যাত্ৰীৰ সকলোৱে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়(Road Accident)।

আহত যাত্ৰীসকলক ততাতৈয়াকৈ স্থানীয় ৰাইজে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰায়।

চালকজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে।

চালকজন বিলাসীপাৰা হাকামাৰ ছামিউল আহমেদ বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাগ্ৰস্ত টাটা মেজিক খনৰ নম্বৰ হৈছে AS-17-C-6975।

ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন খন থানালৈ লৈ যায়।

লগতে পঢ়ক : WATCH | Jagiroad News : নগাঁও কাগজ কলৰ কৰ্মচাৰী সকলে অনাদায় হৈ থকা প্ৰাপ্য ধন বিচাৰি চৰকাৰৰ ওচৰত আবেদন