WATCH | Road Accident : তীব্ৰবেগী বাইকৰ খুন্দা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা গছত

মৰাণ,২জুন : মৰাণৰ তিলৈ কাৰেং ধাবাৰ সমীপত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাইকৰ খুন্দা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এজোপা গছত।ফলত থিতাতে প্ৰাণ হেৰুৱালে এজন যুৱকে । মৃত যুৱকজন খোৱাং চাৰিআলিৰ ৰিদীপ গগৈ( ২৩ ) বুলি জানিব পৰা গৈছে(Road Accident)।
জানিব পৰা মতে, মৃত যুৱকজনে আন এজন যুৱকৰ মটৰচাইকেল খন দুদিন পাছত ক্ৰয় কৰাৰ লক্ষ্যৰে নিশা মটৰচাইকেলখন চলাই চাইছিল। তেনে সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পাছতে যুৱকজনক তিলৈ সামূহিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও যুৱক জনক মৃত ঘোষণা কৰে চিকিৎসকে।
লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটত চাৰিলেনযুক্ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ তীব্ৰ ভাবুকি