WATCH | Road Accident : দুখন বাইকৰ মাজত সংঘৰ্ষ;আহত ৪জন

নগাঁও,১জুন’ : বটদ্ৰৱাৰ কদমনিত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাইকৰ মাজত সংঘৰ্ষ । সংঘৰ্ষত গুৰুতৰভাবে আহত চাৰিজন। AS02A U2707 আৰু AS02H 9479 নম্বৰৰ বটদ্ৰৱাৰ পৰা ধিং অভিমুখে তীব্ৰ গতিৰে গৈ থকা দুখন বাইকৰ মাজত সংঘটিত হয় সংঘৰ্ষ(Road Accident)।
এগৰাকী মহিলাসহ আহত চাৰিগৰাকীৰ ঘৰ বটদ্ৰৱাৰ কদমনিত বুলি জানিব পৰা গৈছে। আহত কেইজনৰ ভিতৰত দুগৰাকীৰ অৱস্থা অতি সংকটজনক। ঘটনাস্থলিত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।