WATCH | Road Accident : বাইক আৰু ট্ৰাকৰ মাজত ভয়ংকৰ দুৰ্ঘটনা
চাপৰ,২৯মে’ : চাপৰৰ বহলপুৰস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
বাইক আৰু ট্ৰাকৰ মাজত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।
দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী দুজন।
দুয়োজনকে ততাতৈয়াকৈ চাপৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও এজনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
আন জন বাইক আৰোহীৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে।
মৃত বাইক আৰোহী জন ধনতোলাৰ আকিবুল ইছলাম বুলি জানিব পৰা গৈছে(Road Accident)।
দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ হৈছে AS-01-SC-7036 আৰু বাইকখনৰ নম্বৰ হৈছে AS-17A-7637।
ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা গ্ৰস্থ বাহন দুখন থানা লৈ লৈ যায়।
ঘৰৰ এক মাত্ৰ পুত্ৰ সন্তানক হেৰুৱাই এতিয়া কান্দোনত ভাঙি পৰিছে পিতৃ মাতৃৰ লগতে পৰিয়ালৰ লোক।
লগতে পঢ়ক : WATCH | Chapar News : চাপৰত বুজন পৰিমাণ ড্ৰাগছসহ আটক এজনক