WATCH | Road Accident : তীব্ৰবেগী বাইকে মহতিয়াই নিলে পথচাৰীক
দেৰগাঁও,২৬মে’ : দেৰগাঁও ৰঙামাটি টোলগেটৰ সমীপত সঘনাই হ’বলৈ ধৰিছে ভয়ংকৰ পথ দুৰ্ঘটনাৰ দৰে ঘটনা।
নিশা দেৰগাঁও ৰঙামাটি টোল গেটৰ সমীপত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ প্ৰত্যক্ষদৰ্শীৰ মতে, বোকাখাত দিশৰ পৰা অহা এখন পাল্চাৰ বাইকত তিনিজন যাত্ৰীয়ে তীব্ৰগতিত আহি টোলগেটৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত খোজকাঢ়ি যোৱা পথচাৰী এজনক মহতিয়াই নিয়ে। যাৰ ফলত বাইক আৰোহী কেইজনও চিটিকি পৰে । তাৰ পাছতে ঘটনাস্থলীত দেৰগাঁও যানবাহন আৰক্ষী উপস্থিত হৈ চাৰিজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে(Road Accident)।
জানিব পৰা মতে,আহক বাইক আৰোহী দুজনৰ অৱস্থা সংকটজনক। তেওঁলোকক নিশাই যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। পথচাৰীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
লগতে পঢ়ক :WATCH | Assam Man Goes Missing in Hyderabad : পুনৰ বহি:ৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন অসমৰ যুৱক