WATCH | Road Accident : বাঁহ ভৰ্তি ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজন ব্যক্তি
লামডিং,১৮মে’ : লামডিঙত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷
তীব্ৰবেগী অভাৰ লডিং বাঁহ ভৰ্তি ট্ৰাকৰ খুন্দাত থিতাতে নিহত এগৰাকী ব্যক্তি ৷
ডিমাহাচাওৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ গৈ থকাৰ সময়তে ট্ৰাকখনে মহতিয়াই নিয়ে ব্যক্তিজনক ৷
ডিমা হাচাও জিলাৰ লাংটিঙৰ পৰা AP 39 UU 5567 নম্বৰৰ ট্ৰাকখনে বাহঁ কঢ়িয়াই আনিছিল ৷
বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই থিতাতে নিহত ব্যক্তিগৰাকীৰ পৰিচয়(Road Accident)৷
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনকো জব্দ কৰে ৷
হাফলং- লামডিং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ লামডিঙৰ ইটাভট্টা চাৰি আলিত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷
লগতে পঢ়ক : WATCH | Husband Killed His Wife : ছিপাঝাৰৰ দেওমৰনৈ- কুমাৰপাৰাত নৃশংস হত্য়াকাণ্ডৰ ঘটনা