Local, Vocal, Global

WATCH | Road Accident : ভয়ংকৰ দুৰ্ঘটনাত আহত শিক্ষক-শিক্ষয়িত্ৰী

নলবাৰী,১৫মে’ : বৰক্ষেত্ৰীৰ ৰামপুৰত পথ দুৰ্ঘটনা ৷ বৰক্ষেত্ৰীৰ ৰামপুৰ-চামতা পথত দুৰ্ঘটনাত পতিত হৈছে দুগৰাকীকৈ লোক। পেচাত শিক্ষক-শিক্ষয়িত্ৰী দুগৰাকীয়ে নিজ বিদ্যালয়ৰ পৰা মটৰ চাইকেলেৰে ঘৰলৈ গৈ থাকোতে দুৰ্ঘটনাত পতিত হয় ৷ পথত এৰাল দিয়া ছাগলী খুন্দিয়াই বাগৰি পৰে মটৰ চাইকেলসহ লোক দুগৰাকী ৷ দুৰ্ঘটনা সংঘটিত হোৱা মটৰ চাইকেলখনৰ নম্বৰ হৈছে AS14 JO208.

মটৰ চাইকেলত অহা মহিলা আৰোহীগৰাকীৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে(Road Accident)৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মহিলাগৰাকীক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও মহিলাগৰাকীৰ আঘাত সংকটজনক হোৱা বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে।

আহত মহিলাগৰাকী ৰামপুৰ বালিকা বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী জ্যোস্না নাথ আৰু আনগৰাকী লোক দীনেশ বৈশ্য বুলি জানিব পৰা গৈছে ৷দুৰ্ঘটনাত পতিত লোক দুগৰাকীৰ ঘৰ বৰক্ষেত্ৰীৰ বৰ্ণিবাৰীত ৷ গুৰুতৰভাৱে আহত মহিলাগৰাকীয়ে মুৰ আৰু মুখমণ্ডলত যথেষ্ট আঘাত পাইছে ৷

লগতে পঢ়ক :WATCH | Sensational incident : দুই নাবালিকাক অপহৰণ কৰি অসৎ কৰ্ম দুই লম্পটৰ