WATCH | Road Accident : স্কুটী আৰু বাইকৰ মুখামুখি সংঘৰ্ষ

গেলেকী,১৪মে’ : নাজিৰা শিৱসাগৰ সংযোগী বি জি পথত ভয়ংকৰ পথ দুৰ্ঘটনা।
স্কুটী আৰু বাইকৰ মুখামুখি সংঘৰ্ষ(Road Accident)।
AS04 AJ 4014 নম্বাৰৰ য়ামাহা R15 আৰু AS04AE8050 নম্বাৰৰ স্কুটী প্লিজাৰৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনাটো।
দুৰ্ঘটনাত গুৰুতভাৱে আহত হয় তিনিজন। আহতসকলৰ ভিতৰত গড়গাঁও মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী।
মটৰচাইকেল চালক অঞ্জন দেওঘৰীয়াৰ ঘৰ শিমলুগুৰি কেন্দুগুৰিত আৰু স্কুটী চালক মুস্কানৰ ঘৰ চুনপোৰাত বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।
নিৰ্মীয়মান পথৰ শোচনীয় অৱস্থা ,অতীমাত্ৰা গতিবেগৰ বাবেই নিতৌ বি জি পথত পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ।
লগতে পঢ়ক :WATCH | Rangia News : মানৱতা যেন হেৰাই গৈছে ক্ৰমশঃ