Road accident : ভয়ংকৰ পথ দুৰ্ঘটনা;নিহত এজন,আহত দুজন
জামুগুৰিহাট,৬ফেব্ৰুৱাৰী : শোণিতপুৰৰ বালিপৰাৰ নিকটৱৰ্তী ফুলবাৰীত ভয়ংকৰ দুৰ্ঘটনা৷
দুৰ্ঘটনাগ্ৰস্ত AS12-AL-3515 মটৰচাইকেল ।
দুৰ্ঘটনাত থিতাতে নিহত এজন আৰোহী লগতে গুৰুতৰভাৱে আহত আন দুজন(Road accident) ৷
নিহত যুৱকজন ৰঙাপৰা থানাৰ অন্তৰ্গত কছাৰীগাঁও চাহ বাগিচাৰ ২৩ বছৰীয়া ৰঞ্জন গোৱালা৷
বালিপৰা আৰু ৰঙাপৰা সংযোগী লোক নিৰ্মাণ বিভাগৰ পথৰে গৈ মটৰচাইকেলখন ফুলবাৰীত নিয়ন্ত্ৰন হেৰুৱাই দুৰ্ঘটনাটো সংঘটিত হয়।