Local, Vocal, Global

WATCH | Road Accident : ভয়ংকৰ পথ দুৰ্ঘটনা;নিহত এজন

জামুগুৰিহাট,৮মে’ : জামুগুৰিহাটৰ গেৰেকীচুক গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক ৷

ঘটনাৰ বিৱৰণী অনুযায়ী জামুগুৰিহাটৰ শলগুৰি গাওঁ নিৱাসী সপোন হাজৰিকা নামৰ যুৱকজনে AS-12(A B)-6948 নম্বৰৰ স্কুটী খনেৰে ঘৰলৈ গৈ থকা অৱস্থাত গেৰেকীচুকৰ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিৰ এটা পিলাৰত প্ৰচণ্ড যোৰত খুন্দিয়াই বহু দূৰৈত ছিটিকি পৰে(Road Accident) ৷

ফলত গুৰতৰভাৱে আহত হয় লোকজন । গুৰুতৰ ভাৱে আহত যুৱকজনক সংকটজনক অৱস্থাত ১০৮ এম্বুলেঞ্চৰ জৰিয়তে স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে যুৱক জনক মৃত বুলি ঘোষণা কৰে ৷

ভয়ংকৰ পথ দূৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱতি লোৱা যুৱকজন জামুগুৰিহাটৰ শলগুৰি গাওঁ নিৱাসী লাচিত হাজৰিকা ৰ কনিষ্ঠ পুত্ৰ সপোন হাজৰিকা আৰু বয়স ২০ বছৰ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : WATCH | Rajnath Singh: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক