Local, Vocal, Global

WATCH | Road Accident : লামডিং-লংকা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

লামডিং,৬মে’ : লামডিং-লংকা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুইখন বাইক লংকাৰ পৰা লামডিংত অহাৰ সময়ত ৰাজপথত ৰৈ থকা ট্ৰাকৰ পিছফালে খুন্দিয়াই। ফলত বাইকত থকা দুজন আৰোহী গুৰুতৰভাৱে আহত হয়।

AS 31 E 1460 নম্বৰৰ পালচাৰ বাইক আৰু AS31E1606 নম্বৰৰ পালচাৰ বাইক ৰাজপথত ৰৈ থকা AS01 JC9214 ট্ৰাকত খুন্দা মাৰে।

জানিব পৰা মতে AS01JC9214 ট্ৰাক খনৰ ভুলৰ বাবে সংঘটিত হৈছিল এই দুৰ্ঘটনাটো(Road Accident)।

দুৰ্ঘটনা সংঘটিত হয় লামডিং লংকা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত।

দুৰ্ঘটনাত আহত হয় গণেশ দেবনাথ আৰু নয়ন চৌধুৰী ।

আহত লোক দুজন লামডিং লংকা ৰোড তিনিয়ালি অঞ্চলৰ নিবাসী ।

আহতদ্বয়ক নিশাই লামডিং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিফু মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক : WATCH | Biswanath News : বিশ্বনাথৰ এটি দৰিদ্ৰ পৰিয়ালৰ কৰুণ কাহিনী