WATCH | Road Accident : নিশা কাছাৰৰ কাটিগড়াত ভয়ংকৰ দুর্ঘটনা;আহত দুজন
কাছাৰ,৩মে’ : নিশা কাছাৰৰ কাটিগড়াত ভয়ংকৰ দুর্ঘটনা। কাটিগড়াৰ KH road ত সংঘটিত হয় ভয়ংকৰ দুর্ঘটনাটো।
চেৰাগি বজাৰৰ পৰা চৌৰঙ্গীগামী এখন স্কুটি নিয়ন্ত্রণ হেৰুৱাই এজন পথচাৰিক খুন্দা দি বাগৰি পৰে(Road Accident)। ফলত গুৰুতৰভাৱে আহত হয় বিক্রম বাছফৰ আৰু স্কুটি চালক জাহিদুল ইছলাম।
স্থানীয় লোকসকলে ততাতৈয়াকৈ আহত লোকদুজনক উদ্ধাৰ কৰি কাটিগড়া মডেল হাস্পাতাললৈ প্রেৰণ কৰে। কাটিগড়া মডেল হাস্পাতালত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পাতাল লৈ প্রেৰণ কৰা হয়।
লগতে পঢ়ক : WATCH | Sonari News : নিৰ্মীয়মান পথৰ পেভাৰ ব্লক চুৰি কাৰ্যত জড়িত ৭ টা চোৰক গ্ৰেপ্তাৰ