WATCH | Road Accident : দ পুখুৰীত পৰিল বাহন;নিহত দুজন যুৱক
জামুগুৰিহাট,২২এপ্ৰিল : শোণিতপুৰৰ ১৭ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা।
পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।
বালিপৰাৰ ১৭ মাইলৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই SWIFT DZIRE বাহন সোমাল দ পুখুৰীত।
দুৰ্ঘটনাত থিতাতে নিহত দুজন যুৱক(Road Accident)।
নিহত যুৱক দুজন তেজপুৰৰ ৰঞ্জিত চাহানি আৰু মিথুন চাহানি বুলি জানিব পৰা গৈছে।
গাড়ীখনত থকা আন দুজনক জীৱন্তে উদ্ধাৰ কৰা হয়।
দুৰ্ঘটনাগ্ৰস্ত গাড়ী খনৰ নম্বৰ AS-12-BC-6765।
লগতে পঢ়ক : WATCH | Teok News : গাঁৱে গাঁৱে পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী তৎপৰতা