WATCH | Road Accident : চাৰিচকীয়া বাহন আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ;আহত ৬জন যাত্ৰী
চাপৰ,৯এপ্ৰিল : চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিচকীয়া বাহন আৰু ডাম্পাৰৰ লগত হয় মুখামুখি সংঘৰ্ষ। সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় ৬ গৰাকীকৈ যাত্ৰী ।
ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ সমীপত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। চাৰিচকীয়া বাহনৰ লগত ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ ফলত ৬ গৰাকীকৈ যাত্ৰী কঢ়িয়াই অনা চাৰিচকীয়া বাহন দুৰ্ঘটনাগ্ৰস্ত হয়, যাৰ ফলত বাহনখনত থকা যাত্ৰীসকল আহত হয় । আহত যাত্ৰীসকলক চাপৰ সামূহিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে(Road Accident)।
উল্লেখ্য যে, AS17Q 6733 নম্বৰৰ এখন চাৰিচকীয়া বাইনেৰে হোজাইৰ পৰা ধুবুৰী জিলাৰ আলমগঞ্জস্থিত নিজ ঘৰলৈ গৈ থকা অৱস্থাত চাপৰ আৰক্ষী থানাৰ সমীপত অৰ্থাৎ চাপৰ মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ সন্মুখত AS19AC 3809 নম্বৰৰ ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাত এই দুৰ্ঘটনা টো সংঘটিত হয়, সম্প্রতি গাড়ী দুখন চাপৰ আৰক্ষীৰ জিম্বাত আছে।
লগতে পঢ়ক : WATCH| Elephant menace : মহানগৰীৰ সাতগাঁওস্থিত নাৰেংগী সেনা শিবিৰত বন্যহস্তীৰ বিচৰণ