WATCH | Road Accident : চলন্ত ট্ৰাকৰ তলত সোমাল মটৰ চাইকেল

ৰঙিয়া,৬এপ্ৰিল : নিশা ৰঙিয়াৰ চোছাইটি চ’কত ভয়ংকৰ পথ দুৰ্ঘটনা। চলন্ত ট্ৰাকৰ তলত সোমাল মটৰ চাইকেল। ট্ৰাকৰ তলত সোমাল ৰঙিয়া তুলসীবাৰীৰ শিক্ষক গদাধৰ কলিতা আৰু পত্নী নীলিমা কলিতা।
দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নং AS 25 EC 2051। সংকট জনক অৱস্থাত গদাধৰ কলিতাক ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাক কেন্দ্ৰ কৰি নিশা উত্তপ্ত হৈ পৰে ৰঙিয়াৰ ৰাজপথ লগতে আৰক্ষীৰ লগত তীব্ৰ বাক বিতণ্ডা উত্তেজিত ৰাইজৰ(Road Accident)।
উল্লেখযোগ্য যে ৰঙিয়াত প্ৰায়েই সংঘটিত হৈ আহিছে ট্ৰাক আৰু ডাম্পাৰৰ দুৰ্ঘটনা। আৰক্ষীয়ে ট্ৰাক ডাম্পাৰৰ পৰা টকা লৈ গাড়ী পাৰ কৰাই দিয়াৰ অভিযোগ উত্তেজিত ৰাইজৰ।
লগতে পঢ়ক : Watch | Women missing in Dibrugarh : বিবাহিত কন্যাৰ সৈতে বজাৰ কৰিবলৈ গৈ সন্ধানহীন বোৱাৰী