WATCH | Road Accident : জামুগুৰিহাটৰ চকিঘাটৰ সমীপৰ ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
জামুগুৰিহাট,৩মাৰ্চ : জামুগুৰিহাটৰ চকিঘাটৰ সমীপৰ ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী বাহনে খুন্দা বাইকত। ফলত গুৰুতৰ ভাৱে আহত হয় এজন যুৱক আৰু এগৰাকী যুৱতী। আহত যুৱকজন লালেটাপুৰ বুলি জানিব পৰা গৈছে।
তেজপুৰ দিশৰ পৰা তীব্ৰ বেগত আহি থকা AR-01-N-6108 নম্বৰৰ TATA- NEXON বাহন খনে ৰাষ্ট্ৰীয় ঘাই পথচোৱাইদি গৈ থকা AS-12-AJ-0457 নম্বৰৰ পালছাৰ বাইক খনৰ পিছফালে প্ৰচন্দ জোৰত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো(Road Accident)।
পাছত স্থানীয় ৰাইজে গাড়ীখন ধৰিবলৈ সক্ষম হয় আৰু গুৰুতৰ ভাবে আহত দুই গৰাকীক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎস মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷
বৰ্তমানলৈ আহত লোক দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই ৷
জামুগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন জব্দ কৰাৰ লগতে ক্ষতিগ্ৰস্ত বাইক খনো থানালৈ নিয়ে ৷
লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটৰ চৈবাৰীত ধনমাই নামৰ ঘৰচীয়া হাতী নিৰুদ্দেশ