WATCH | Road Accident : শিল-বালি ভৰ্তি ডাম্পাৰৰ চকাৰ তলত সোমাল এখন চলন্ত মটৰ চাইকেল

জামুগুৰিহাট,২৭মাৰ্চ : ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন শিল-বালি ভৰ্তি ডাম্পাৰৰ চকাৰ তলত সোমাল এখন চলন্ত মটৰ চাইকেল। ৰঙাপৰা লেচু বাগানৰ সমীপত সংঘটিত হোৱা দুঘৰ্টনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে মটৰ চাইকেল আৰোহীজনৰ(Road Accident)।
জানিব পৰা মতে, ৰঙাপৰাৰ চহৰৰ পৰা নামনিগাঁৱৰ দিশে AS-12- CC- 1339 নম্বৰৰ শিল-বালি ভৰ্তি ডাম্পাৰখন গৈ থকাৰ সময়তে হঠাৎ পথৰ পৰা ট্ৰান লোৱাত একে দিশৰ পৰা গৈ থকা AS-12-Y-8455 নম্বৰৰ এখন মটৰ চাইকেলখন ডাম্পাৰখনৰ পিছৰ চকাত সোমাই পৰে। দুঘৰ্টনাত মটৰ চাইকেল আৰোহী মহম্মদ ইকবাল নামৰ কাবুলীৱালাজনৰ প্ৰাণ কথমপি ৰক্ষা পৰে যদিও গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।
আহতজনক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ইপিনে ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী উপস্থিত হৈ দুঘৰ্টনাৰ তদন্ত কৰি শিল-বালি ভৰ্তি ডাম্পাৰখন জব্দ কৰি আৰক্ষী থানা লৈ নিয়ে ৷
লগতে পঢ়ক : WATCH | Jagiroad News : জাগীৰোড মহাবিদ্যালয়ৰ নতুন গৃহৰ আধাৰশিলা স্থাপন