WATCH | Road Accident : চাপৰৰ ৰঙামাটিত উত্তপ্ত পৰিস্থিতি
চাপৰ,২৭মাৰ্চ : চাপৰৰ ৰঙামাটিত উত্তপ্ত পৰিস্থিতি।
পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
উত্তেজিত ৰাইজে ভাঙি চুৰ মাৰ কৰে এখন যাত্ৰীবাহী মেক্সিমো চাৰিচকীয়া বাহন।
জানিব পৰা মতে, বহলপুৰ পৰা কোকৰাঝাৰ অভিমুখে গৈ থকা অৱস্থাত মেক্সিমো গাড়ীখনে প্ৰথম অৱস্থাত খুন্দিয়ায় এখন চাইকেল আৰোহীক(Road Accident)।
দূৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰিবলৈ লওতে তীব্ৰ বেগত পুনৰ খুন্দিয়ায় আন এখন বিপৰীত দিশৰ পৰা অহা হনণ্ডাই ভেনু চাৰিচকীয়া বাহনক।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চাইকেল আৰোহীসহ এগৰাকী শিশু আৰু মাতৃ।
চাইকেল আৰোহীজনৰ নাম আব্দুল ছালাম, হণণ্ডাই বাহনত থকা আহত শিশু নাহিদ ছুলতানা,মাতৃ নাৰ্জিমা খাতুন।
উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে আটাইকেইজনকে বঙাইগাঁও লৈ প্ৰেৰণ।
কিছুপৰিমানে আঘাতপ্ৰাপ্ত হয় দুয়োখন বাহনৰে চালক।
ঘটনাস্থলীত উপস্থিত ৰাইজ উত্তেজিত হৈ মেক্সিমো বাহনখন ভাঙি চুৰ মাৰ ৰাজপথত বগৰাই দিয়ে।
ইতিমধ্যে ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
দুৰ্ঘটনাগ্ৰস্থ মেক্সিমো বাহনখনৰ নম্বৰ AS 16 AC 2572 আৰু হনণ্ডাই ভেনু বাহনখনৰ নম্বৰ ক্ৰমে AS 01 FR 0708 বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : WATCH | Kaliabor News : সদৌ অসমৰ সৎনামী সমাজ কল্যাণ পৰিষদৰ ৩৪তম কেন্দ্ৰীয় অধিৱেশন