WATCH | Road Accident : ঐতিহাসিক গড়গাঁও কাৰেংৰ মূল প্ৰৱেশদ্বাৰ বৰদুৱাৰমুখত ভয়ংকৰ পথ দুৰ্ঘটনা

গেলেকী,২৬মাৰ্চ : ঐতিহাসিক গড়গাঁও কাৰেংৰ মূল প্ৰৱেশদ্বাৰ বৰদুৱাৰমুখত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।
মাৰুতি বাহন আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে ।
দুৰ্ঘটনাত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে স্কুটি আৰোহী দুগৰাকী ছাত্ৰী(Road Accident)।
স্কুটী আৰোহী দুগৰাকী গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে ।
দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মাৰুতি বাহনখনৰ দুয়োটা এয়াৰ বেগ খোল খাই যায়।
দুৰ্ঘটনাগ্ৰস্ত মাৰুতি চিয়াজ বাহন খনৰ নম্বৰ AS 04 P 1788 আৰু স্কুটীখনৰ নম্বৰ হৈছে AS-04-AA-3092.
লগতে পঢ়ক : WATCH | World Oral Health Day 2025 : বৰ্তমান অসমত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কেন্সাৰ ৰোগী