Local, Vocal, Global

WATCH | Road Accident : ঈদৰ বজাৰ কৰিবলৈ গৈ ঘৰলৈ উভতি নাহিল কণমানি

হাটশিঙিমাৰী,২৬মাৰ্চ : ঈদৰ বজাৰ কৰিবলৈ গৈ ঘৰলৈ উভতি নাহিল কণমানি । পিতৃৰ সৈতে ঈদৰ বজাৰ কৰিবলৈ গৈ ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল কণমানিৰ ।

দক্ষিণ শালমাৰাৰ শালকাটাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত শালকাটা পকী দলংগৰ কাষতেই আজি পুৱা প্ৰায় ১১.৩০বজাত এখন ছাইকেল আৰু ট্ৰাকটৰৰ মাজত মূখামূখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷

জানিব পৰা মতে আজি পূৱা আমবাৰী গাওঁৰ ১২বছৰীয়া ইলিয়াছ আলীয়ে ছাইকেললৈ শালকাটা বজাৰত ঈদৰ বজাৰ কৰিবলৈ গৈছিল৷ ইলিয়াছে ঈদৰ বজাৰ কৰি ঘৰলৈ উভতি অহাৰ সময়ত উক্ত পথ দুৰ্ঘটনা সংঘটিত হয় আৰু দুৰ্ঘটনাত থিতাতে মৃত্যু হয় ছাইকেল চালক ১২ বছৰীয়া কণমানি ইলিয়াছ আলীৰ(Road Accident) ৷

লগতে পঢ়ক : WATCH | Road Accident : শ্ৰমিক কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত, আহত ১৬ জন শ্ৰমিক