WATCH | Road Accident : শ্ৰমিক কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত, আহত ১৬ জন শ্ৰমিক

সোণাৰি,২৬মাৰ্চ : চৰাইদেউৰ বৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। টাটা এচি বাহনত শ্ৰমিক কাম কৰিবলৈ গৈ থকা সময়তে সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত আহত ১৬ জন শ্ৰমিক । আহত ৭ জনক অতি সংকটজনক অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ(Road Accident)।
চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট বাগিচাত সংঘটিত হয় এই দুৰ্ঘটনাটো। বৰহাট বাগিচাত প্ৰায় ১৬ জন শ্ৰমিকক কাম কৰিবলৈ টাটা এচি বাহনত নিয়াৰ সময়তে এই অঘটনটো সংঘটিত হয়। সামগ্ৰী কঢ়িয়াই নিয়া বাহনত এনেদৰে যাত্ৰী কঢ়িয়াই বিপদসংকুল ভাৱে বাগিচাত নিয়োজিত কৰিছে শ্ৰমিক। বৰহাটৰ এখন ব্যক্তিগত বাগিচাত কৰ্মৰত আটাইকেইজন শ্ৰমিক। দুৰ্ঘটনাত সংঘটিত স্থানত বৰহাট আৰক্ষী উপস্থিত হৈ গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত ১৬ জন শ্ৰমিকক জিলা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে যদিও ইয়াৰে সাত জন শ্ৰমিকক অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
আহত লোককেইজন ক্ৰমে আনদীপ,জিতেন্দ্ৰ নন্দ,চবিতা তাঁতী, বেদা তাঁতী, মুলন তাঁতী,দেবৰুচূন কুমাৰ,মইনি মূড়া,পূজা তেলি,সুভাষ লৰি,বিন্দু তাঁতী,নিকিতা মূড়া,বিনোদ গঢ়,আশা মনি নন্দ,যাৱৰাজ মূণ্ডাৰী,অনিমা লহাৰ, দিপালী মূণ্ডা বুলি জানিব পৰা গৈছে।