Local, Vocal, Global

WATCH | Road Accident : চাপৰত দুখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ

চাপৰ,২৩মাৰ্চ : চাপৰৰ বহলপুৰৰ নাথপাৰাস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ । সংঘৰ্ষত কথমপি প্ৰাণ ৰক্ষা এটি পৰিয়ালৰ।

উল্লেখ্য যে, AS 18 D 7525 নম্বৰৰ HYUNDAI GRAND i10 বাহনখন গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা চাপৰৰ অভিমুখে আহি থকা অৱস্থাত বহলপুৰৰ নাথপাৰাস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত AS 16 C 2073 নম্বৰৰ বঙাইগাঁও অভিমুখী ইটা ভৰ্তি MAHENDRA BOLERO মালবাহী বাহনৰ লগত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় HYUNDAI GRAND i10 বাহনখনৰ চাৰিজনীয়া পৰিয়ালটো(Road Accident)।

পৰিয়ালটোক ততাতৈয়াকৈ চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে MAHENDRA BOLERO মালবাহী বাহন খনৰ পিছৰ চকা দুটা চিঙি চিটিকি দূৰলৈ যায়

ঘটনাস্থলীত চাপৰ যান-বাহন শাখাৰ আৰক্ষী উপস্থিত হৈ বাহন দুখন উদ্ধাৰ কৰে।

লগতে পঢ়ক : WATCH | Bilasipara News : এখন দোকান কোঠালীৰ বিগত ১১ বছৰ ধৰি বঞ্চিত এজন ক্ষুদ্ৰ ব্যৱসায়ী