WATCH | Road Accident : বলেৰ বাহন আৰু পালচাৰ বাইকৰ মাজত সংঘৰ্ষ;নিহত এজন
সোণাৰি,১৬মাৰ্চ : সোণাৰিৰ সমীপৰ মথুৰাপুৰ পকা পুলত ভয়ংকৰ পথ দুৰ্ঘটনা।
শনিবাৰে বিয়লি তীব্ৰবেগী AS 04AH 1873 নম্বৰৰ বলেৰ বাহন আৰু পালচাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ।
সংঘৰ্ষত বাইক আৰোহী নিহত। নিহত বাইক আৰোহী জন জয়ন্ত কুৰ্মী বুলি চিনাক্ত(Road Accident)।
ইফালে দূৰ্ঘটনাটোত কমলা কানু নামৰ মহিলা এগৰাকীৰ লগতে জিত খোদাল নামৰ নৱম শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰ আহত হৈছে। দুৰ্ঘটনাগ্ৰস্ত বলেৰ বাহনখন চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ বুলি জানিব পৰা গৈছে। আহত কেইজনৰ বৰ্তমান সোণাৰি জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
লগতে পঢ়ক : WATCH | Gelakey News :অসম চাহ জনগোষ্ঠী সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ ১৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস