WATCH | Road Accident : অচিনাক্ত বাহনে মহতিয়াই থৈ গ’ল দুই স্কুটি আৰোহীক
ছিপাঝাৰ,১৫মাৰ্চ : ছিপাঝাৰৰ বৰদৌলগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনে মহতিয়াই থৈ গ’ল দুই স্কুটি আৰোহীক। সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ দুই স্কুটি আৰোহীক।
আহত দুজন ছিপাঝাৰৰ লোজোৰাৰ ৰাজু বৰুৱা আৰু ভৃগু ডেকা(Road Accident)।
প্ৰত্যক্ষদৰ্শীৰ মতে, বৰদৌলগুৰিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন দ্ৰুতবেগী বগা ৰঙৰ স্কৰ্পিঅ’ বাহনে মহতীয়াই থৈ যায় দুই স্কুটি আৰোহীক। দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত AS 01E V8342 নম্বৰৰ স্কুটিখন।
লগতে পঢ়ক : WATCH | Doul Festival : নিশা ২০ খনৰো অধিক দৌল মহোৎসৱত অংশ ললে বিধায়ক ভৱেশ কলিতাই