Local, Vocal, Global

WATCH | Road Accident : বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা

বিশ্বনাথ,৫মাৰ্চ : বিশ্বনাথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।পথতে তিনিবাৰকৈ বাগৰিল চলন্ত যাত্ৰীবাহী টেম্পু।

উল্লেখ্য যে, বিশ্বনাথৰ কুমলীয়া গাঁৱৰ পৰা এখন টেম্পুত প্ৰায় ১৫ জনকৈ যাত্ৰী গৈ আছিল বিশ্বনাথ ঘাট দিশে।কিন্তু ৫ নং কুমলীয়া গাঁৱৰ ৰাজপথতে হঠাৎ টেম্পুখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ।ফলত টেম্পুৰ প্ৰায়খিনি যাত্ৰীয়ে গুৰুত্বৰ ভাবে আহত হোৱাৰ লগতে টেম্পুত থকা দুটাকৈ শিশু সংকটজনক ভাবে আহত হয় ।লগে লগে ১০৮ সেৱাৰে সকলো যাত্ৰীকে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত লৈ যোৱা হয় যদিও সংকটজনক ভাবে আহত দুই শিশুক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হব বুলি জানিব পৰা গৈছে(Road Accident)।

ইতিমধ্যে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ যান বাহন আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।জানিব পৰা মতে এজন লোকৰ জানাজা সম্পন্ন কৰি ইফতাৰৰ বাবে নিজ গৃহলৈ গৈ থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : WATCH | Deer rescued at Sootea : চতিয়াত হৰিণা পহু উদ্ধাৰ