Local, Vocal, Global

WATCH | Road Accident : কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথত স্কুটি আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ; আহত শিক্ষাৰ্থী

কলিয়াবৰ,১মাৰ্চ : কলিয়াবৰ মিছাত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত স্কুটি আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ ।

সংঘৰ্ষত গুৰুতৰভাৱে আহত দুই শিক্ষাৰ্থী ।আহত শিক্ষাৰ্থী দুগৰাকী দৰং কলেজৰ বুলি জানিব পৰা গৈছে(Road Accident)।

আহত শিক্ষাৰ্তী দুগৰকী জখলাবন্ধা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হয়।

জানিব পৰা মতে, AS 12 AH 2935 নম্বৰৰ স্কুটিৰে ছাত্র-ছাত্ৰী দ্বয় ভুল দিশেৰে নগাঁও অভিমুখে গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা As 01 FQ 3537 নম্বৰৰ চাৰিচকীয়া বাহনে খুন্দিয়াই স্কুটি খনক । চাৰিচকীয়া বাহনৰ চালকৰ আসনত থকা জনে সুৰাপান কৰি মোবাইল লৈ বাহন চলোৱাৰ বাবেই ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ প্ৰত‍্যক্ষদৰ্শীৰ ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । আহত শিক্ষাৰ্থী দুগৰাকী ক্ৰমে চনু ৰয় আৰু ৰিশিকা ঘোষ বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : WATCH | Youth goes missing: সাপটগ্ৰামৰ আটিয়েমাৰীৰ পৰা নিৰুদ্দেশ যুৱক