WATCH | Road Accident : ট্ৰেক্টৰ আৰু মটৰ চাইকেলৰ মাজত সংঘৰ্ষ;আহত দুই বাইক আৰোহী
ছিপাঝাৰ,২৬ফেব্ৰুৱাৰী : ছিপাঝাৰৰ বিজুলীবাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। ট্ৰেক্টৰ আৰু মটৰ চাইকেলৰ মাজত সংঘৰ্ষ। সংঘৰ্ষত আহত দুই বাইক আৰোহী। গুৰুতৰভাৱে আহত দুই বাইক আৰোহীক সংকটজনক অৱস্থাত প্ৰেৰণ GMCH লৈ প্ৰেৰণ(Road Accident)।
বিজুলীবাৰী তেল দীপুৰ সমূখতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাত ট্ৰেক্টৰখনৰ চালকজনো আহত হয়। স্থানীয় লোকে তিনিওকে ছিপাঝাৰ প্ৰাথমিক আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে গুৱাহাটীলৈ। আহত ট্ৰেক্টৰ চালক ছিপাঝাৰ খান্দাজানৰ আজনুৰ আলি, দুই বাইক আৰোহী বিজুলীবাৰীৰ চিন্টু দাস আৰু ভৱেশ দাস বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক :WATCH | Maha Shivratri : ছিপাঝাৰৰ ঐতিহাসিক নাৰিকলি শিৱ মন্দিৰত ভক্তৰ ভিৰ