Local, Vocal, Global

WATCH | Road Accident :নিৰ্মীয়মান পথত ৰাখি থোৱা ঠিকাদাৰৰ মেচিনত খুন্দা মটৰ চাইকেলৰ

ছিপাঝাৰ,১৯ফেব্ৰুৱাৰী : নিশা ছিপাঝাৰৰ ঘিলাকুৰিৰ নিৰ্মীয়মান পথত ভয়ংকৰ পথ দুৰ্ঘটনা। নিৰ্মীয়মান পথত ৰাখি থোৱা ঠিকাদাৰৰ মেচিনত খুন্দা মাৰি গুৰুতৰ ভাবে আহত চন্দ্ৰ শইকীয়াই নামৰ যুৱকজন।

নিজৰ মটৰ চাইকেলেৰে ঘৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় যুৱকজন( Road Accident)।

ৰাইজৰ অভিযোগ ঠিকাদাৰে কোনো সাংকেতিক চিহ্ন নিদিয়াকৈ পথৰ ওপৰত ৰাখি থৈছিল এই মেচিন সমূহ।যাৰ বাবে এই দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হবলগীয়া হৈছে চন্দ্ৰ শইকীয়া নামৰ যুৱক জন।ইতিমধ্যে সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে যুৱকজনক।

লগতে পঢ়ক:WATCH | Ali Aye Ligang: আজি আলি আঃয়ে লৃগাং;মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং