Road Accidemnt in Mangaldoi : এক হৃদয় বিদাৰক দৃশ্য ; একেলগে জ্বলিল মাতৃ-পুত্ৰৰ চিতা
নিউজ ডেস্ক, ২৪ জানুৱাৰী : এক হৃদয় বিদাৰক দৃশ্য । একেলগে জ্বলিল মাতৃ-পুত্ৰৰ চিতা । জোৱায়েকে একেলগে অগ্নি সংযোগ কৰিলে দুখন চিতাত । এদিনতে শেষ হৈ গ’ল এটি পৰিয়াল । নতুনকৈ নিৰ্মাণ কৰা ঘৰত থাকিবলৈ নাপালে মাতৃ-পুত্ৰই(Road Accidemnt in Mangaldoi) ।
উল্লেখ্য যে, মঙলবাৰে নিশা মঙলদৈ উদ্যোগ চকত সংঘটি হৈছিল এক শোকাৱহ দুর্ঘটনা । মঙলবাৰে নিশা মঙলদৈৰ উদ্যোগৰ চকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মাতৃ আৰু পুত্ৰই স্কুটিৰে গৈ থকাৰ সময়তে এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় আৰু থিতাতে নিহত হয় মাতৃ আৰু পুত্ৰ ।নিহত মহিলা গৰাকী জুৰি বৰুৱা শইকীয়া আৰু পৰাগ জ্যোতি শইকীয়া।আজি মাতৃ-পুত্ৰৰ শেষকৃত সম্পন্ন কৰে(Road Accidemnt)।
দুৰ্ঘটনাত মৃত জুৰি বৰুৱা শইকীয়া আৰু পুত্ৰ পৰাগ জ্যোতি শইকীয়াৰ ঘৰ মঙলদৈৰ নিকতৱৰ্তী গেৰিমাৰীত। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে মঙলদৈ আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ আঘাত প্ৰাপ্তক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে । মঙলদৈ অসামৰিক মৰণোত্তৰ পৰীক্ষাৰ পিছত উপহুপাৰা ৰাজহুৱা শ্মশানত এক শোকাৱহ পৰিবেশত শেষকৃত্য সম্পন্ন কৰা হয়।
লগতে পঢ়ক : Road Accident : পিতৃৰ মৃত্যুৰ ৫ মাহ পাৰ নহওঁতে মৃত্যু মাতৃ- পুত্ৰৰ