Local, Vocal, Global

RJD Leader Tejashwi Yadav’s Convoy Meets With Accident In Purnea : তেজস্বী যাদৱৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত; নিহত এজন আৰক্ষী, আহত কেইবাজনো

নেশ্যনেল ডেস্ক,২৭ ফেব্ৰুৱাৰী : বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ কনভয়ৰ নিৰাপত্তাৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত । নিহত এজন, আহত এজন ( RJD Leader Tejashwi Yadav’s Convoy Meets With Accident In Purnea)।

শনিবাৰে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । শনিবাৰে বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ জন বিশ্বাস যাত্ৰাৰ সময়তে এক শোকাৱহ ঘটনা সংঘটিত হয় ৷ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ কনভয়ৰ এখন নিৰাপত্তাৰক্ষীৰ বাহন দুৰ্ঘটনাত পতিত হয় ৷ এই শোকাৱহ পথ দুৰ্ঘটনাত এজন আৰক্ষী নিহত হয় ৷ জানিব পৰা মতে, ঘটনাটো পূৰ্ণিয়াৰ মুফাচিল আৰক্ষী থানা অঞ্চলৰ বেলাউৰী চকৰ সমীপত সংঘটিত হয়(Vehicle of RJD leader Tejashwi Yadav’s convoy meets with an accident; 1 dead) ৷

এই দুৰ্ঘটনাত, এছক’ৰ্ট বাহনখনৰ চালকজন ঘটনাস্থলীতে নিহত হয়, আনহাতে কেইবাগৰাকীও কৰ্তব্যৰত আৰক্ষী গুৰুতৰভাৱে আহত হয় ৷ এই ঘটনাৰ পিচতে আৰক্ষী বিষয়াসহ এটা দল ঘটনাস্থলীত উপস্থিত হয় ৷ লগে লগে আহত কনিষ্টবলসকলক চিকিৎসাৰ বাবে পূৰ্ণিয়া চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ( RJD Leader Tejashwi Yadav’s Convoy Meets With Accident In Purnea, 1 Dead)

অৱশ্যে, এই ঘটনাটোৰ পাচতে তেজস্বী যাদৱে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ পৰিস্থিতিৰ বুজ লোৱাৰ পিচতে কাটিহাৰলৈ ৰাওনা হয় । জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত কৰৈ কাটিহাৰৰ পৰা পূৰ্ণিয়া হৈ ফৰ্বচগঞ্জলৈ গৈ থকা বাহনখনত ৫ গৰাকী লোক আছিল ।

লগতে পঢ়ক : Tragic Road Accident in Tezpur : বিয়া ঘৰৰ পৰা ওভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত দুজন, আহত এজন