Local, Vocal, Global

Riyan Parag Cerebrates With Bihu Dance : বিশ্ব অভিলেখ গঢ়ি বিহু নৃত্য অসম সন্তানৰ

স্পৰ্টছ ডেস্ক, ২৮ অক্টোবৰ : বিশ্ব অভিলেখ গঢ়ি বিহু নৃত্য অসম সন্তানৰ । বিশ্ব অভিলেখ গঢ়ি ক্ৰিকেটাৰ ৰিয়ান পৰাগে সতীৰ্থৰ সৈতে ড্ৰেছিং ৰুমত বিহু নৃত্য কৰে(Riyan Parag Cerebrates With Bihu Dance) । চৈয়দ মুস্তাক আলী ট্ৰফীত কেৰালাৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছতে আনন্দ প্ৰকাশ । ইয়াত ক্ৰিকেট জগতত ক্ৰীড়া আৰু সাংস্কৃতিক উৎসাহৰ নিখুঁত মিশ্ৰণ প্ৰদৰ্শন কৰা হৈছে( Riyan Parag becomes 1st cricketer to score 6 back-to-back half-centuries in T20s)।

উল্লেখ্য যে, ৰিয়ান পৰাগে গঢ়ে অভিলেখ। T20ত একেৰাহে ৬টা অৰ্ধশতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন ক্ৰিকেটাৰ হ’ল ৰিয়ান পৰাগ। ডেভিড ৱাৰ্ণাৰ, সেহৱাগ, কামৰান আকমাল, কনৱেৰ দৰে ক্ৰিকেটাৰক পিছ পেলাই শীৰ্ষত অসমৰ ৰিয়ান পৰাগ(Riyan Parag Cerebrates With Bihu Dance After Taking Syed Mushtaq Ali Trophy Against Kerala)।

টি-২০ ক্ৰিকেটত ক্ৰমাগত ছয়টা অৰ্ধশতক অৰ্জন কৰি এক বিৰল কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে ৰিয়ান পৰাগে ৰেকৰ্ড বুকত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিলে ।

শুকুৰবাৰে চৈয়দ মোস্তাক আলী ট্ৰফীত অসম আৰু কেৰালাৰ বিৰুদ্ধে খেলিছিল । প্ৰথমে কেৰেলাই বেটিং কৰি ৬ উইকেটত ১২৭ ৰান সংগ্ৰহ কৰে ।ইয়াৰ প্ৰত্যুত্তৰত অসমে দুটা উইকেট মেচখনত জয়লাভ কৰে।

মেচখনত ৰিয়ানে নিজৰ স্বভাৱসিদ্ধ বেটিঙেৰে মাত্ৰ ৩৩ টা বলত অপৰাজিত ৫৭ ৰাণ সংগ্ৰহ কৰে । উল্লেখ্য যে অসমৰ বিৰুদ্ধে খেলা মেচখনলৈকে কেৰালা প্ৰতিযোগিতাখনত অপৰাজিত হৈ আছিল ।

অসমে ৪৮ ৰাণতে ৩ টা উইকেট হেৰুৱাই ৰাণৰ বাবে সংগ্ৰাম কৰি থকাৰ সময়ত ক্ৰীজত প্ৰৱেশ কৰে ৰিয়ান পৰাগ । আৰম্ভণিৰে পৰাই ৰিয়ানে মেচখনত ব্যতিক্ৰমী মনোবল আৰু দক্ষতা প্ৰদৰ্শন কৰে । মুম্বাইৰ শৰদ পাৱাৰ ইনড’ৰ ক্ৰিকেট একাডেমীত অনুষ্ঠিত মেচখনত অসমে তিনিটা বল বাকী থকা অৱস্থাতে বিজয় সাব্যস্ত কৰে(Riyan Parag becomes first player to score six consecutive fifties in T20 cricket) ।

লগতে পঢ়ক :Reliance Industries Chairman Mukesh Ambani receives death threat : মুকেশ আম্বানীলৈ মৃত্যুৰ ভাবুকি, ই-মেইল যোগে ভাবুকি মুকেশ আম্বানীলৈ