সুন্দৰ পৰিৱেশনৰ পাছতো কিয় বিশেষ ১৫জনৰ শাৰীত থাকিবলৈ সক্ষম নহ’ল ৰীতো ৰিবা?

নিউজ ডেস্ক : বৰ্তমান সময়ত সামাজিক মাধ্যমত চৰ্চিত এক বিশেষ নাম হৈছে ৰীতো ৰিবা। ইনচষ্টাগ্ৰাম, ফেচবুক, হোৱাটচপ ষ্টেটাচ সকলোতে ভাইৰেল হৈ পৰিছে ৰীতো ৰিবাৰ গান গোৱা ভিডিঅ’।
উত্তৰ পূৱ ভাৰতৰ অৰুণাচলৰ প্ৰতিভাৱান যুৱক ৰীতো ৰিবা।
ছনি টিভিৰ বিখ্যাত ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডলৰ ১৩ সংখ্যক অনুস্থানত অংশগ্ৰহণ কৰিছিল ৰীতো ৰিবাই। তেওঁ সুমধুৰ কন্ঠৰ জৰিয়তে বিচাৰকৰ লগতে অনুষ্ঠান উপভোগ কৰা সকলোৰে হৃদয় জয় কৰিছিল।
অনুষ্ঠানটোত ৰীতোৱে নিজে লিখা আৰু কন্ঠদান কৰা গীত পৰিৱেশন কৰি সকলোকে আচৰিত কৰি তুলিছিল।
কিন্তু, সুন্দৰ পৰিৱেশন তথা সকলোৰে হৃদয়ত ঠাই লাভ কৰা ৰীতো ৰিবাই অনুষ্ঠানটোৰ বিশেষ ১৫জনৰ শাৰীত থাকিবলৈ সক্ষম নহ’ল।
তাৰ পাছতে সৰ্বত্ৰে ইণ্ডিয়ান আইডলৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বহুলোকে সামাজিক মাধ্যমত অনুষ্ঠানটো ফেক বা স্ক্ৰিপটেড বুলিও মত প্ৰকাশ কৰিছে। তাৰোপৰি অনুষ্ঠানটো বয়কট কৰাৰো দাবী জনাইছে বহুজনে।
উত্তৰ-পূৱৰ ৰীতো ৰিবাৰ বাবে মাত মাতিছে দেশৰ লাখ লাখ অনুৰাগীয়ে।
আনহাতে ৰীতো ৰিবাই নিজৰ ইনচষ্টাগ্ৰাম একাউন্টত লিখিছে। বাচনি ন’হলো কোনো কথা নাই। ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি ইমান দূৰ যাব পাৰিছো সেইয়াই বহুত। মোৰ গান ভালপোৱাৰ লগতে মোক সঁহাৰি জনোৱা বাবে প্ৰতিজন অনুৰাগীক ধন্যবাদ।

ৰীবাই ইনষ্টাগ্ৰামত কৰা পোষ্টটোৰ পাছতে বিশাল দাদলানীয়েও ৰীবাৰ ক্ষেত্ৰত কয়, তুমি বহুত ভাল গান গোৱা। বহুত ভাল কম্পোজো কৰা। তোমাৰ গান ৰেকৰ্ড কৰিব বাবে কিবা সমস্যা হলে মোক কবা, মই সদায়ে আছো।