Rice Seized in Parbatjhora : ৰাজ্যত অব্যাহত আছে বগা চাউলৰ ক’লা বেহা
পৰ্বতঝোৰা , ৮নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে বগা চাউলৰ ক’লা বেহা । আৰক্ষীৰ নাকৰ তলতে একাংশই চলাইছে এই বেহা(Rice Seized in Parbatjhora) ।
পৰ্বতঝোৰাত আৰক্ষীৰ চকুত ধূলি একাংশই কৰি আছে বগা চাউলৰ কলা বেহা।মঙ্গলবাৰে নিশা বগৰীবাৰী আৰক্ষীৰ নিয়মীয়া তালাচীত চাউলভৰ্তি এখন বলেৰ বাহন জব্দ কৰে।
নিশা হলেই সাৰ পায় একাংশ ক’লা বেপাৰীয়ে। নিশা হ’লে ৰাজ্যত চলে একাংশ অপৰাধ । যেন নিশা হলেই সাৰ পায় একাংশ অপৰাধীয়ে ।
উল্লেখ্য যে দীৰ্ঘ দিনৰ পৰা বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাত একাংশ দুষ্ট চক্ৰই কৰি আছে বগা চাউলৰ ক’লা বেহা । দীৰ্ঘদিনৰ পৰা এই অভিযোগ উত্থাপন হৈ আহিছে । তেনে সময়তে মঙলবাৰে নিশা বগৰীবাৰী আৰক্ষীয়ে তালাচী চলাই । তালাচীত আৰক্ষীয়ে AS-17C-5532 নং চাউল ভৰ্তি এখন বলেৰ বাহন জব্দ কৰে ।
জানিব পৰা মতে, উক্ত বলেৰ বাহন খনে পানবাৰী অঞ্চলৰ পৰা চোৰাং চাউলৰ কলা বেহা অব্যাহত ৰাখিছিল বুলি অভিযোগ উত্থাপিত হৈছে ।
বাহনখন চালকজনে জনোৱা অনুসৰি চোৰাং চাউলখিনি চাউলৰ ক’লা বেপাৰী খ্যাত জনৈক ময়জুদ্দিনৰ(Rice Seized in Parbatjhora)।
বৰ্তমান চাউল ভৰ্তি বাহনসহ চালকক বগৰীবাৰী আৰক্ষীৰ জিম্মাত ৰাখি তদন্ত অব্যাহত ৰাখিছে।