Rhino roaming freely in Teok: কাকজান তিনিকুৰীয়া পথাৰত গঁড়ৰ মুক্ত বিচৰণ
টীয়ক,২ডিচেম্বৰ : টীয়কত গঁড়ৰ আতংক। কাকজান তিনিকুৰীয়া পথাৰত গঁড়ৰ মুক্ত বিচৰণ।
যোৰহাট বন সংমণ্ডলৰ অধিনৰ কাকজান তিনিকুৰীয়া পথাৰৰ পকা ধাননিত গড়ৰ মুক্ত বিচৰণ । আজি পুৱাই গাঁৱৰ ৰাইজে পথাৰত থকা গড়টোক প্ৰথমে ম’হ বুলি ভাবিছিল যদিও পিছত গড় বুলি জানিব পাৰি আৰক্ষী আৰু বনবিভাগক খবৰ দিয়ে(Rhino roaming freely in Teok)।
ইতিমধ্যে বন বিভাগৰ লোক গড় ওলোৱা স্থানলৈ ৰাওনা হোৱাৰ খবৰ পোৱা গৈছে । বিগত বছৰতো ব্ৰহ্মপুত্ৰৰ পাশ্বৱতী এলেকাৰ দ অঞ্চলত দুটাকৈ গড় ওলাইছিল । এইবাৰো ধানপকাৰ সময়ত এনেদৰে গড় ওলোৱাত ৰাইজ আতংকিত হৈ পৰিছে । শেহতীয়াকৈ গড়টোৱে ধান নথকা এক মুকলি স্থানত অৱস্থান কৰা বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক :Communal harmony in Assam:চাপৰত অমৃত বাদশ্বাহে দাঙি ধৰিছে মানৱ সেৱাৰ উৎকৃষ্ট নিদৰ্শন