Local, Vocal, Global

Rhino roaming freely in Jorhat : যোৰহাট জিলাৰ টীয়কত এশিঙীয়া গঁড়ৰ আতংক

নিউজ ডেস্ক,১২মে’ : ৰাজ্যত অব্যাহত আছে বন্যপ্ৰানী আৰু মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে এই সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে বন্যপ্ৰানী আৰু মানুহৰ সংঘাত। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই আমি শুনিবলৈ পাওঁ বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাতৰ কথা(Rhino roaming freely in Jorhat)।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত বন্যপ্ৰানী আৰু মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ লগতে নামি আহে বিভিন্ন প্ৰজাতিকৰ জীৱ-জন্তু । বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰানী।

এইবাৰ যোৰহাট জিলাৰ টীয়কত পৰিলক্ষিত হৈছে এশিঙীয়া গঁড়ৰ আতংক ৷ জাঁজীমুখৰ চাপৰিত এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণে আতংকিত কৰি তুলিছে স্থানীয় লোকসকলক।

জানিব পৰা মতে, টীয়কৰ ওপৰ শগুণপাৰা সোণাই চাপৰিত এটা গঁড়ৰ মুক্ত বিচৰণ কৰি থকা ৰাইজে প্ৰত্যক্ষ কৰে । যিয়ে চাপৰিত থকা গুৱালসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে । বৰ্তমান চাপৰিৰ মাজৰ ঝাও বনৰ মাজত আশ্ৰয় গ্ৰহণ কৰি আছে গঁড়টোৱে ।

এশিঙীয়া গঁড়টো প্ৰত্যক্ষ কৰাৰ পাচতে শনিবাৰৰ পুৱাই যোৰহাট বন বিভাগত এই সন্দৰ্ভত অৱগত কৰা হৈছিল যদিও বাতৰি যুগুত কৰা পৰলৈকে স্থানডোখৰত বন বিভাগৰ লোক উপস্থিত হোৱা নাই বুলি অভিযোগ তুলিছে স্থানীয় লোকে ।

অঞ্চলজুৰি ত্ৰাসৰ সৃষ্টি কৰা এশিঙীয়া গঁড়টো শীঘ্ৰে খেদি পঠিয়াবলৈ বন বিভাগক আহ্বান জনাইছে আতংকিত ৰাইজে ।

লগতে পঢ়ক : Tragic Accident in Boko : ভয়ংকৰ পথ দুৰ্ঘটনা;শিশু আৰু মহিলাসহ আহত ৭জন