Local, Vocal, Global

Rhino menace in Majuli : সত্ৰনগৰী মাজুলীত গঁড়ৰ মুক্ত বিচৰণ

নিউজ ডেস্ক, ৩১ ডিচেম্বৰ : দীৰ্ঘদিনৰ পৰা হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ কৰি আহিছে একাংশ ভুক্তভোগীয়ে। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

ৰাজ্যত অব্যাহত আছে বন্যপ্ৰানী আৰু মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে এই সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই আমি শুনিবলৈ পাওঁ বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাতৰ কথা(Rhino menace in Majuli )।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত বন্যপ্ৰানী আৰু মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ লগতে নামি আহে বিভিন্ন প্ৰজাতিকৰ জীৱ-জন্তু । বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰানী(Rhino menace in Majuli )।

সত্ৰনগৰী মাজুলীত গঁড়ৰ সন্ত্ৰাস ।সত্ৰনগৰী মাজুলী কেতিয়াবা যদি বনৰীয়া হাতীৰ আতংক, কেতিয়াবা আকৌ বাঘৰ আতংক । মুঠতে বন্যজন্তুৰ ত্ৰাসত দিন কটাবলগীয়া হৈছে মাজুলীৰ বিভিন্ন প্ৰান্তৰ ৰাইজে । এইবাৰ আকৌ মাজুলীত গঁড়ৰ মুক্ত বিচৰণ । মাজুলীৰ খোৰাহোলা অঞ্চলত এটা আঘাতপ্ৰাপ্ত গঁড়ৰ মুক্ত বিচৰণ ।

উল্লেখ্য যে, গকুল শইকীয়া নামৰ লোকজনৰ ঘৰৰ বাৰীত আশ্ৰয় লৈ আছিল গঁড়টোৱে । গড়টোৱে মুক্ত বিচৰণ কৰাৰ খবৰপোৱা মাত্ৰকে উক্ত স্থানত উপস্থিত হয় বন বিভাগৰ লোক । খাদ্যৰ সন্ধানত বনাঞ্চলৰপৰা জনাঞ্চললৈ ওলাই অহা গঁড়টোক বনবিভাগে খেদি পঠিয়াবলৈ সক্ষম হয় যদিও বৰ্তমানো গঁড়ৰ আতংক অব্যাহত অঞ্চলটোত । সেয়ে বন বিভাগ অঞ্চলটোৰ লোকক আতংকিত নহৈ সাৱধান হ’বলৈ আহ্বান জনায় স্থানীয় লোকে । ইফালে গঁড়টো চাবলৈ ভিৰ কৰা একাংশই ফটো ভিডিঅ’ সংগ্ৰহ কৰিবলৈ গড়টোৰ কাষ চাপি যোৱাত মানুহৰ মাজলৈ চোঁচা লোৱাও পৰিলক্ষিত হয় ।

লগতে পঢ়ক : Man Elephant conflict : ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ জামুগুৰিহাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত